ঢেকীয়াজুলিঃ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত আত্মবলীদানৰ কৰুণ গাঁথা সামৰি ১৯৪২ চনৰ ২০ ছেপ্তেম্বৰত ঢেকীয়াজুলি থানাত ইংৰাজ চিপাহীৰ গুলী বুকু পাতি লৈ ১৩ গৰাকীকৈ বীৰ বীৰংগনাই দেশৰ বাবে জীৱন আহুতি দিয়াৰ ৭৫ বছৰত ভৰি দিছে৷
৪২ৰ ২০ছেপ্তেম্বৰৰ সেই দিনটোত মহাত্মাৰ আহ্বানত সমগ্ৰ দেশ ব্যাপী ভাৰত ত্যাগ আন্দোলনৰ যি দামামা বাজিছিল তাৰ পূৰ্ণ সমৰ্থন আগবঢ়াই “তৰিম নাইবা মৰিম” মন্ত্ৰ আওৰাই অসম বাসীও জপিয়াই পৰিছিল উপনিৱেশীক ইংৰাজক খেদি স্বৰাজ আজুৰি আনিবলৈ ৷ ৪২ৰ ২০ছেপ্তেম্বৰত ঢেকীয়াজুলিৰ১৩ গৰাকী ছহীদৰ লগতে অসমৰ অন্যান্য প্ৰান্তৰ মুঠ ২৯গৰাকী ছহীদ হ’ল৷ নিঃসন্দেহে এয়া আছিল দেশ প্ৰেম তথা ত্যাগৰ সৰ্বোত্তম নিদৰ্শন৷