89
শিৱসাগৰঃ সদৌ অসম প্ৰাথমিক শিক্ষক সন্মিলনীৰ শিৱসাগৰ মহকুমা সমিতিয়ে মহকুমা কৃতী শিক্ষকৰ বঁটা এইবেলি ২নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কনক গোঁহাইক প্ৰদান কৰে। মঙলবাৰে পুৱা শিৱসাগৰ নগৰৰ ২নং টাউন বালিকা প্ৰাথমিক বিদ্যালয়ত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰি শিক্ষক সন্মিলনী এই প্ৰদান কৰে ৷
শিৱসাগৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি টুটু বৰঠাকুৰৰ সভাপতিত্বত অনুষ্ঠিত সভাখন সন্মিলনীৰ সাধাৰণ সম্পাদক বিমল চন্দ্ৰ গগৈয়ে অাঁতধৰে।