নলবাৰীঃ আজিৰ দিনটোতেই ভাৰতৰ দ্বিতীয় ৰাষ্ট্ৰপতি বিশিষ্ট দাৰ্শনিক পণ্ডিত ড° সৰ্বেপল্লী ৰাধাকৃষ্ণণৰ ১৮৮৮ চনত জন্ম হৈছিল। এই গৰাকী প্ৰজ্ঞান পুৰুষে ১৯৬২ চনত যেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল, সেই সময়তেই এগৰাকী ছাত্ৰই তেখেতৰ জন্মদিনটো পালন কৰিব বিচৰাত, তেখেতে সমগ্ৰ শিক্ষকৰ বাবেই এই দিনটো পালন কৰাৰ পোষকতা কৰিছিল।
তেলেগু ব্ৰাহ্মণ পৰিয়ালত জন্ম লভা এই গৰাকী বিশিষ্ট গৱেষকৰ এই আশাক সকলোৱে অভিবাদন জনায়৷ তেতিয়াৰে পৰা বৰ্তমানলৈ ভাৰতবৰ্ষত শিক্ষক দিৱস পালিত হৈ আহিছে। তদুপলক্ষে ভাৰতৰ সুশিক্ষক তথা দ্বিতীয় উপ-ৰাষ্ট্ৰপতি ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো সমগ্ৰ দেশৰ লগতে নলবাৰীতো শিক্ষক দিৱস উপলক্ষে আজি ৫ ছেপ্তেম্বৰ দিনা জিলাখনৰ স্বেচ্ছাসেৱী সংস্থা সাঁকোৰ উদ্যোগত পাঁচ গৰাকী বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা জনায়৷ সাঁকোৰ কৰ্মকৰ্তা সকলে আজি ৰাতিপুৱা পাঁচ গৰাকী বিশিষ্ট শিক্ষাবিদক সম্বৰ্ধনা জনায়।