নগাঁওঃ নগাঁও জিলাৰ খাগৰিজান শিক্ষাখণ্ডৰ অন্তৰ্গত নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়সমূহৰ পৰা অৱসৰ গ্ৰহন কৰা মুঠ ৫৬ গৰাকী শিক্ষকক শনিবাৰে সমূহীয়াভাৱে সম্বৰ্ধনা জনোৱা হয়৷ লগতে শিক্ষাখণ্ডটোৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ পৰা মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃৰ্তী ছাত্ৰ-ছাত্ৰীসকলক জলপানী আৰু মানপত্ৰ প্ৰদান কৰা হয়৷
এই মৰ্মে বৰপাঠৰি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সভাকক্ষত খাগৰিজান শিক্ষা খণ্ডৰ বিষয়া জিতেন দাসৰ পৌৰহিত্যত এখনি গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত কৰা হয়৷ বি আৰ চি মন্টুল শৰ্মাই আঁত ধৰা সভাখনিত মুখ্য অতিথি হিচাপে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই অংশগ্ৰহণ কৰে৷