মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী অঞ্চলৰ পাটিদৈ ভেৰেলা (খ) গাঁৱৰ কেৱল এটি চুবুৰীৰ পৰাই ৯ গৰাকী কৈ পৰীক্ষাৰ্থী সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত, উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু চি বি এছ চি ৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত আজি তেওঁলোকক গাঁৱৰ ৰাইজ আৰু যুৱক সংঘৰ তৰফৰ পৰা আদৰণি জনায়।
গাওঁখনৰ সমুহীয়া ভৱনত দিনৰ ১০ বজাৰ পৰা আৰম্ভ হোৱা আদৰণি সভাত সভাপতিত্ব কৰে ৰোহিন বড়োৱে আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই গাঁও পৰিচালনা সমিতিৰ সম্পাদক পৱন দৈমাৰীয়ে। চুবুৰীটোৰ বুঢ়া-মেথা, পুৰুষ-মহিলা, যুৱক-যুৱতী, ছাত্ৰ-ছাত্ৰী আদি উপস্থিত থকা আড়ম্বৰপূৰ্ণ সভাত কৃতী শিক্ষাৰ্থীকেইগৰাকীক সম্বৰ্ধনা জনোৱা হয়।