54
ৰঙিয়াঃ ৰঙিয়া তুলসীবাৰীস্থিত ন’ভা একাডেমীত আজি এক বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায়। সম্বৰ্ধনা অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ১১গৰাকী ৰঙিয়া অঞ্চলৰ দৰিদ্ৰ পৰিয়ালৰৰ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়৷
অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী কেইজনক নগদ পাঁচ হেজাৰ টকা, ফুলাম গামোছা, সম্বৰ্ধনা পত্ৰৰ লগতে একোখনকৈ অভিধান প্ৰদান কৰা হয়।