খাৰুপেটীয়াঃ মাৰোৱাৰী যুৱ মঞ্চৰ খাৰুপেটীয়া শাখাই আজি খাৰুপেটীয়া অঞ্চলৰ কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়৷ হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায় অখিল ভাৰতীয় মাৰোৱাৰী যুৱ মঞ্চৰ খাৰুপেটীয়া শাখাই।
খাৰুপেটীয়াৰ শ্ৰী হনুমান মাৰোৱাৰী ধৰ্মশালাত কৃষ্ণ আগৰৱালাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিশিষ্ট অতিথি হিচাপে খাৰুপেটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ বুদ্ধিন চন্দ্ৰ হাজৰিকা, এছ এম কলেজৰ অধ্যক্ষ পৰিমল দত্ত, চেয়াৰমেন আব্দুল ছোবাহান, খাৰুপেটীয়া মৰিয়ম আজমল উইমেন কলেজৰ অধ্যক্ষা ৰেচমা ইয়াচমিন, ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সঞ্জয় সাহা, মাৰোৱাৰী যুৱ মঞ্চৰ মণ্ডল সহকাৰী সম্পাদক নৰেশ সুৰানা, দীপক হিৰাৱত, বিমল পাহাৰীয়া প্ৰমুখ্যে শিক্ষক তথা অভিভাৱক ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে।
হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ সুখ্যাতিৰে উত্তীৰ্ণ ৯৪ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ মান পত্ৰ, ফুলাম গামোছা আদিৰে সম্বৰ্ধনা জ্ঞাপন কৰে সংগঠনটোৱে।