চাবুৱাঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ পানীতোলা আঞ্চলিক সমিতিয়ে দেওবাৰে কৃতী অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনায়৷ পানীতোলা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন সম্বৰ্ধনা সভাত ৪১ গৰাকী কৃতী ছাত্র-ছাত্রীক গামোছা, মানপত্র অাদিৰে সম্বৰ্ধনা জনায় সংগঠনটোৱে৷
সংগঠনটোৰ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি ঘনশ্যাম হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত অতিথি হিচাপে উপস্থিত থাকে সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱা, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, বিশিষ্ট শিক্ষাবিদ অনিল গোহাঁই অাৰু লম্বেশ্বৰ চেতিয়াই।