নাওকাটাঃ যুৱক তিনিজনে মৰসাহ কৰিছিল৷ ভৰ বাৰিষা ফেনে ফোটোকাৰে বৈ থকা নৈৰ মাজলৈ সাতুৰি গৈছিল৷ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি ৰক্ষা কৰিছিল এটি কণমাণি হাতী পোৱালিক৷ ৰাজ্যৰ ভিন্ন স্থানত হাতী, গঁড়, হৰিণ আদি বন্য জীৱ-জন্তু হত্যাৰ বাতৰি প্ৰচাৰ হৈ থকাৰ মাজতে যুৱককেইজনৰ এই খবৰে যথেষ্ট আনন্দিত কৰিছিল প্ৰকৃতিপ্ৰেমীক৷
মৰসাহ কৰি ভৰা নৈৰ বুকুত জাপ দি হাতী পোৱালি উদ্ধাৰ কৰা তিনি যুৱকক মঙলবাৰে বন বিভাগে সম্বৰ্ধনা জনায়৷ যোৱা ৫ জুলাইৰ নিশা বাগছা জিলাৰ মাজেৰে বৈ যোৱা বৰনদীৰ সোঁতত উটি অহা এটি প্ৰায় দুমহীয়া হাতীৰ পোৱালিক সাহসিকতাৰে উদ্ধাৰ কৰি বন বিভাগৰ হাতত গতাই দিছিল যুৱককেইজনে৷
জিলাখনৰ অম্বৰীশনগৰৰ এই তিনি যুৱক হৈছে ক্ৰমে হাফিজ আলী, ৰচিদ আলী আৰু কুটুৱ আলী। তিনিওজনকে সম্বৰ্ধনা জনাবলৈ বাগছা জিলাৰ বন বিভাগে অম্বৰীশনগৰ বজাৰখোলাত এখন সভা অনুষ্ঠিত কৰে।
সভাত উপস্থিত থাকি বাগছা জিলাৰ ডিএফঅ' ভৱেশ চন্দ্ৰ দাসে যুৱককেইজনৰ সাহসিকতাক ভূয়সী প্রশংসা কৰাৰ লগতে বিভাগৰ তৰফৰ পৰা সম্বৰ্ধনা জনায়। যুৱককেইজনৰ দৰে সকলো লোককে বন্যপ্ৰাণী সংৰক্ষণ তথা বিভাগৰ বিভিন্ন কামত সহযোগিতা আগবঢ়াবলৈ বিষয়াগৰাকীয়ে আহ্বান জনায়।
অনুষ্ঠানত বীট অফিচাৰ মৃদুল ৰহমানৰ লগতে কেইবাগৰাকীও বনকৰ্মী তথা স্থানীয় লোক উপস্থিত থাকে। বন বিভাগৰ এনে পদক্ষেপক স্থানীয় ৰাইজে আদৰণি জনাইছে।