দিচাংমুখ/শিৱসাগৰঃ কবি, সাহিত্যিক পৰশ জ্যোতি দাসক প্ৰদান কৰা হ’ব বিআৰ আম্বেদকাৰ বঁটা৷ ভাৰতীয় দলিত সাহিত্য অকাডেমীয়ে ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপে এই বঁটা প্ৰদান কৰিব দাসক৷ অহা ৯ আৰু ১০ ডিচেম্বৰত দিল্লীত অনুষ্ঠিত হ’বলগীয়া ডঃ আম্বেদকাৰ নেশ্যনেল ফেলশ্বিপৰ ৩৩ সংখ্যক অধিবেশনত বঁটা প্ৰদান কৰিৰ অনুষ্ঠানটোৱে। এই খবৰে শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই আনে৷
শিৱসাগৰ জিলাৰ ২ নং চাউলকৰা গাঁৱৰ (আখৈফুটীয়া) কাশীৰাম দাস আৰু নিৰু দাসৰ কনিষ্ঠ পুত্ৰ পৰশ জ্যোতি দাস একেৰাহে কবি, সাহিত্যিক, সামাজসেৱক, সাংস্কৃতিক কৰ্মী৷ এগৰাকী অধিবক্তা পৰশ জ্যোতি দাস ওকালতি কৰাৰ লগে লগে সমাজ খনৰ বাবে কিবা এটা কৰাৰ প্ৰবল ইচ্ছা পুহি ৰাখিছে৷