59
ওদালগুৰিঃ এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ওদালগুৰি জিলাৰ হৰিশিঙা আৰক্ষী থানাৰ অন্তৰ্গত হাতীগড় চাহ বাগিচাত৷ শনিবাৰে নিশা উদ্ধাৰ হয় হাৰমিনা কৌৰ(৩০) নামৰ মহিলাগৰাকীৰ মৃতদেহ।
বাগিচাৰ ৬ নং লাইনৰ নিকোদিন কৌৰ নামৰ লোক জনৰ পত্নীৰ মৃতদেহ নিজ বাসগৃহত ছীপ লৈ থকা অৱস্থাত উদ্ধাৰ হয়। নিশা প্ৰায় ৯ বজাত স্বামী নিকোদিন কৌৰ ঘৰত নথকা অৱস্থাত পত্নী হাৰমিনা কৌৰে নিজ বাসগৃহত ছীপ লৈ আত্মহত্যা কৰাৰ সন্দেহ কৰে স্বামীয়ে৷