মঙলদৈঃ ধৰ্ষণ কাণ্ডই ৰাজ্য উত্তাল কৰি ৰখাৰ সময়তে শনিবাৰে নিশা নলবাৰী জিলাৰ নৱবিবাহিতা বোৱাৰী এগৰাকী ৰহস্যজনক ভাৱে দৰং জিলাৰ দুনীত অৰ্ধ উলংগ আৰু অৰ্ধচেতন অৱস্থাত পথৰ দাঁতিৰ পৰা উদ্ধাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, নলবাৰী জিলাৰ বালিজানত ঘৰ নৱবিবাহিত বোৱাৰীগৰাকীৰ৷
নিশা প্ৰায় ৯ বজাত অচেতন অৱস্থাত দুনীত পথৰ দাতিত উদ্ধাৰ হয় বোৱাৰীগৰাকী৷ এগৰাকী স্থানীয় লোকে প্ৰত্যক্ষ কৰে বোৱাৰীগৰাকীক৷ উদ্ধাৰৰ সময়ত দেহৰ কাপোৰ ফালি-ছিৰি থোৱা অৱস্থাত আছিল বোৱাৰীগৰাকীৰ৷