newsnextone.com | যোৰহাটঃ যোৰহাট জিলাৰ ঐতিহ্যমণ্ডিত নাচনীয়াৰচুক নামঘৰৰ শতবৰ্ষৰ সৈতে সংগতি ৰাখি নাচনীয়াৰচুক নামঘৰৰ শতবৰ্ষ উদযাপন সমিতিয়ে কণ কণ শিশু তথা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে বিভিন্ন বিষয়ক এলানি প্ৰতিযোগিতাৰ অায়োজন কৰিছে। উদযাপন সমিতিয়ে জানিবলৈ দিয়া মতে, কাৰ্যসূচী অনুসৰি ১৬ ছেপ্টেম্বৰত চিত্ৰাংকন, ৰচনা প্ৰতিযোগিতা অাৰু ২৩ ছেপ্টেম্বৰত বৰগীত, দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব। 

চিত্ৰাংকণ প্ৰতিযোগিতাৰ ‘ক’ শাখাত অংকুৰ শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীলৈ, ‘খ’ শাখাত পঞ্চম শ্ৰেণীৰ পৰা সপ্তম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব বুলি সমিতিয়ে জানিবলৈ দিছে৷ আনহাতে, ৰচনা প্ৰতিযোগিতাৰ ‘ক’ শাখাত পঞ্চম শ্ৰণীৰ পৰা সপ্তম শ্ৰেণীৰ (বিষয়ঃ শংকৰদেৱৰ বাল্যকাল অাৰু শিক্ষা) আৰু ‘খ’ শাখাত অষ্টম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ (বিষয়ঃ শংকৰদেৱৰ সাংস্কৃতিক অৱদান অাৰু সাম্প্ৰতিক সময়ত ইয়াৰ প্ৰচাৰ অাৰু চৰ্চা) ছাত্ৰ-ছাত্ৰীৰ বাবে অনুষ্ঠিত হ’ব৷

দুয়োখন প্ৰতিযোগিতা ক্লাৱ ৰ’ড, লক্ষীনগৰস্থিত ৫৯৬ নং সদৰ নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত হোৱাৰ লগতে বৰগীত অাৰু দিহানাম প্ৰতিযোগিতা নাচনীয়াৰচুক নামঘৰত অনুষ্ঠিত হ’ব বুলি প্ৰতিযোগিতাৰ উদযাপন সমিতিয়ে জানিবলৈ দিয়ে৷ সবিশেষ জানিবৰ বাবে প্ৰতিযোগিতা বিভাগৰ সভাপতি দ্বিজেন বৰাৰ ৯৯৫৪১-৮৫১৫০ অথবা সম্পাদক দীপজ্যোতি ফুকনৰ ৯৭০৬৪-৬০০৯৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।