চাবুৱাঃ এটা অতি দৰিদ্ৰ পৰিয়ালৰ এজন ছাত্ৰক উচ্চ শিক্ষাগ্ৰহণৰ সপোন পূৰ কৰাত সহায়ৰ হাত আগবঢ়ালে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে। কালি পৰিষদৰ এটা দলে চাবুৱাৰ কানাই গাঁৱৰ নিবাসী অতি দৰিদ্ৰ পদমেশ্বৰ কোঁৱৰ আৰু জানু কোঁৱৰৰ মেধাৱী পুত্র পদুম চন্দ্ৰ কোঁৱৰক আৰ্থিক সাহায্য আগবঢ়ায়।
ছাত্ৰজনৰ ঘৰলৈ গৈ পৰিষদে সহায়ৰ হাত আগবঢ়ায়৷লাহোৱাল জুনিয়ৰ কলেজৰ পৰা চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৭৯.৪% (৩৯৭) নম্বৰ লাভ কৰি সুখ্যতিৰে উত্তীৰ্ণ হৈছে পদুম৷ পদুমৰ পঢ়াৰ খৰচ উলিয়াবলৈ পিতৃয়ে চাহ বাগিচাত হাড় ভঙা পৰিশ্ৰম কৰে ৷