48
গৰৈমাৰীঃ অগপৰ জ্যেষ্ঠ নেতাৰ বিৰুদ্ধে গোচৰ তৰিলে উন্নয়ন আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ সংখ্যালঘু বসতি প্ৰধান এলেকা গৰৈমাৰী উন্নয়ন খণ্ডৰ উন্নয়নমূলক আঁচনিসমূহ ৰূপায়ণত বিধি পথালি দি অহাৰ অভিযোগ উত্থাপিত হৈছে প্ৰাক্তন মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে।
বৰ্তমান খাদী আৰু গ্ৰাম্যদ্যোগ বৰ্ডৰ নৱনিযুক্ত অধ্যক্ষ ডাঃ কমলা কলিতাৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে উন্নয়ন আয়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াই।