ডিজিটেল ডেস্কঃ পশ্চিম বংগ ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ ঘোষৰ বিৰুদ্ধে এজাহাৰ মঞ্জুৰ কৰিলে আলিপুৰ আদালতে । যোৱা ১২ জানুৱাৰীত বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীৰ বিৰুদ্ধে সাম্প্ৰদায়ীক সংঘৰ্ষ লগোৱাৰ উদ্দেশ্যে উচটনি দিয়াৰ বাবে দুখনকৈ এজাহাৰ দাখিল কৰে আৰক্ষীয়ে৷

কলকাতাৰ হেয়াৰ ষ্ট্ৰিট আৰক্ষী থানা আৰু গৰিয়াহাট আৰক্ষী থানাই দাখিল কৰে এজাহাৰ৷ যোৱা ১২ জানুৱাৰীত কলকাতাত বিজেপিৰ ভাতৃ সংগঠন যুৱ মৰ্চাৰ এখন সভাত যুৱ মৰ্চাৰ কৰ্মী আৰু তৃণমূল কংগ্ৰেছৰ কৰ্মীৰ মাজত হতাহতি হয়৷ ঘটনাত দুয়োদলৰে কেইবাগৰাকী লোক আহত হৈছিল৷

তাৰ পিছতে আৰক্ষীয়ে এজাহাৰ দাখিল কৰে দিলীপ ঘোষৰ বিৰুদ্ধে৷ দিলীপ ঘোষে দলীয় কৰ্মীক হিংসাত নিয়োজিত হ’বৰ বাবে উচটনি দিয়াৰ অভিযোগ উত্থাপন হয়৷ আনহাতে এই অভিযোগক ভিত্তহীন আখ্যা দি তেনে কোনো কথা কোৱা নাছিল বুলি কৈ বিজেপিৰ উত্থানত শংকাত পৰি তৃণমূলে এনেধৰণৰ ৰাজনীতি কৰা বুলি কয় বিজেপিৰ সভাপতি ঘোষে৷