ওদালগুৰিঃ আমচাং অভয়াৰণ্যৰ পৰা থলুৱাক অমানবীয় ভাবে উচ্ছেদ কৰাৰ লগতে কুছুদিন পূৰ্বে মঙলদৈৰ ফুহুৰাতলিত প্ৰশাসনে উচ্ছেদ অভিযান চলাই৷ তাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ এ আই ইউ ডি এফৰ এটা দলে ফুহুৰাতলিত উচ্ছেদিত লোকৰ খবৰ লবলৈ যায়। তাৰ মাজতে শ্বেখ শ্বাহ আলম নামৰ এ আই ইউ ডি এফৰ নেতাগৰাকীয়ে এখন ৰাজহুৱা সভাত সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়৷ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দল-সংগঠনে৷
একাংশ লোকে শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ দাবী জনাই আহিছে৷ তাৰ মাজতে, প্ৰাক্তন এআইইউডিএফ বিধায়ক শ্বেখ শ্বাহ আলমৰ বিৰুদ্ধে ওদালগুৰি থানাত মঙলবাৰে এগৰাকী যুৱকে এজাহাৰ দাখিল কৰে। মোছাবিৰুল হক নামৰ এজন যুৱকে এজাহাৰ দাখিল কৰি শ্বাহ আলমক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।