ডিজিটেল ডেস্কঃ ভেলেন্টাইন ডে’ৰ ৫ দিন পূৰ্বে মুকলি হোৱা এটি গানৰ বাবে মালয়ালম অভিনেত্ৰী প্ৰিয়া প্ৰকাশৰ সমগ্ৰ বিশ্বই শুভকাংক্ষী হৈ পৰিছিল৷ ছচিয়েল মিডিয়াৰ জগতত নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল প্ৰিয়া৷ কিন্তু জনপ্ৰিয় হৈ বিপদত পৰিল প্ৰিয়া৷ চকুৰ টিপ মাৰি জনপ্ৰিয় হৈ পৰা প্ৰিয়াৰ বিৰুদ্ধে গোচৰ তৰে এগৰাকী ইছলামধৰ্মী যুৱকে৷ এতিয়া এক কথাত কবলৈ গলে চকুৰ টিপ মাৰি বিপদত পৰিল প্ৰিয়া৷ গানটো নিষিদ্ধ কৰাৰ দাবীত গোচৰ ৰুজু কৰে এগৰাকী আব্দুল নামৰ যুৱকে৷ হায়দৰাবাদৰ থানাত গোচৰ তৰিলে মুছলমান সম্প্ৰদায়ৰ লোকসকলে।

তেওঁলোকৰ মতে ভিডিঅ’টোৰ কথাখিনিয়ে আঘাত হানিছে মুছলমান সম্প্ৰদায়ক। মাত্ৰ ২৬ ছেকেণ্ডৰ ভিডিঅ’টোৰ বাবে ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে তৰা হৈছে গোচৰ। মুছলমান সম্প্ৰদায়ৰ লোকক আৱেগত আঘাত দিয়াৰ অভিযোগ উত্থাপন হয়৷ যাৰ বাবে ১৪ ফেব্ৰুৱাৰীত হায়দৰাবাদত যুৱকজনে গোচৰ ৰুজু কৰে৷ জানিব পৰা মতে, গোচৰ ৰুজু কৰা যুৱকজনৰ প্ৰথমে গানটো প্ৰিয় আছিল৷ গানটো মালয়ালম ভাষাত হোৱাৰ বাবে তেও বুজিব পৰা নাছিল৷

তাৰ পিছত তেও শব্দ সমূহ অনুবাদ কৰে৷ পিছতহে তেও বুজি পাই যে মুছলমান সম্প্ৰদায়ক আঘাত দিছে এই গানটোৱে৷ 'Manikya Malaraya Poovi' শীৰ্ষক গানটো ইংৰাজীত অনুবাদ কৰিলে পইগম্বৰক অপমান কৰা প্ৰকট হৈ পৰে বুলি চৰ্চা হৈছে৷ মাথো ৫টা দিন পূৰ্বে ভাইৰেল হৈ পৰা এটা ভিডিঅ’ৰ জৰিয়তে জনপ্ৰিয় হৈ পৰিছিল প্ৰিয়া৷ সমগ্ৰ বিশ্বত তেওৰ কথা চৰ্চা হৈছিল ছচিয়েল মিডিয়াত৷

যিটো ভিডিঅ’ত তেও চকু টিপ মৰা দেখা গৈছিল৷ ইতিমধ্যে হায়দৰাবাদৰ ৰাজা একাডেমী নামৰ অনুষ্ঠানটোৰ সৈতে জৰিত আব্দুলে গানটো নিষিদ্ধ কৰাৰ দাবীত চেঞ্চৰ বৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰে৷ মুছলমান সম্প্ৰদায়ৰ প্ৰিয়াৰ অংগী-ভংগীক লৈ কোনো আপত্তি নাই যদিও গীতৰ কথাকলৈ আপত্তি থকা বুলি কয়৷ আৰক্ষীয়ে ইতিমধ্যে গোচৰ ৰুজু কৰে৷ গোচৰ ৰুজু কৰা আব্দুলে প্ৰিয়াৰ সৈতে অভিনয় কৰাত কোনো আপত্তি নাই বুলি কয়৷