ডিজিটেল ডেস্কঃ ভেলেন্টাইন ডে’ৰ ৫ দিন পূৰ্বে মুকলি হোৱা এটি গানৰ বাবে মালয়ালম অভিনেত্ৰী প্ৰিয়া প্ৰকাশৰ সমগ্ৰ বিশ্বই শুভকাংক্ষী হৈ পৰিছিল৷ ছচিয়েল মিডিয়াৰ জগতত নিশাৰ ভিতৰতে জনপ্ৰিয় হৈ পৰিছিল প্ৰিয়া৷ কিন্তু জনপ্ৰিয় হৈ বিপদত পৰিল প্ৰিয়া৷ চকুৰ টিপ মাৰি জনপ্ৰিয় হৈ পৰা প্ৰিয়াৰ বিৰুদ্ধে গোচৰ তৰে এগৰাকী ইছলামধৰ্মী যুৱকে৷ এতিয়া এক কথাত কবলৈ গলে চকুৰ টিপ মাৰি বিপদত পৰিল প্ৰিয়া৷ গানটো নিষিদ্ধ কৰাৰ দাবীত গোচৰ ৰুজু কৰে এগৰাকী আব্দুল নামৰ যুৱকে৷ হায়দৰাবাদৰ থানাত গোচৰ তৰিলে মুছলমান সম্প্ৰদায়ৰ লোকসকলে।
তেওঁলোকৰ মতে ভিডিঅ’টোৰ কথাখিনিয়ে আঘাত হানিছে মুছলমান সম্প্ৰদায়ক। মাত্ৰ ২৬ ছেকেণ্ডৰ ভিডিঅ’টোৰ বাবে ছবিখনৰ পৰিচালকৰ বিৰুদ্ধে তৰা হৈছে গোচৰ। মুছলমান সম্প্ৰদায়ৰ লোকক আৱেগত আঘাত দিয়াৰ অভিযোগ উত্থাপন হয়৷ যাৰ বাবে ১৪ ফেব্ৰুৱাৰীত হায়দৰাবাদত যুৱকজনে গোচৰ ৰুজু কৰে৷ জানিব পৰা মতে, গোচৰ ৰুজু কৰা যুৱকজনৰ প্ৰথমে গানটো প্ৰিয় আছিল৷ গানটো মালয়ালম ভাষাত হোৱাৰ বাবে তেও বুজিব পৰা নাছিল৷