বাঘবৰঃ বাঘবৰৰ বিধায়ক শ্বেৰমান আলীৰ বাসগৃহত দেওবাৰে সংঘটিত হোৱা মাৰপিটৰ ঘটনাৰ আজিও চাঞ্চল্য অব্যাহত আছে৷ মাৰপিটৰ ঘটনাত আহত হৈছিল এগৰাকী জি এছ আৰ কৰ্মী৷ জি এছ আৰ কৰ্মীগৰাকীয়ে বিধায়কৰ ঘৰত প্ৰহৃত হৈ আহত হোৱাৰ পিছতে বিধায়কজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। কিন্তু এদিন পিছতে ঘটনাই নতুন মোৰ লয়।
আহত জি এছ আৰ কৰ্মী মহিদুল ইছলামৰ বিৰুদ্ধে আজি ৭০নং ধৰ্মপুৰ-ভাতনাপাইতি গাঁও পঞ্চায়তৰ সভানেত্ৰী তথা কংগ্ৰেছ নেত্ৰী আছমা খাতুনে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি মন্দিয়া আৰক্ষী চকীত এজাহাৰ দাখিল কৰে।