গুৱাহাটীঃ ৰাজ্যৰ কেইবাগাৰকী বুদ্ধিজীৱীয়ে দিল্লীৰ Constitution Clubৰ বিতৰ্কিত এনআৰচি সন্দৰ্ভত অনুষ্ঠিত এখন সভাত অংশ গ্ৰহণ কৰি আৰক্ষীৰ সোধ-পোছৰ সন্মুখীন হোৱাৰ সময়তে শুকুৰবাৰে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি বহু বিতৰ্কিত তথা সততে চৰকাৰৰ সপক্ষে থকা বুদ্ধিজীৱী এগৰাকীয়ে বিতৰ্কত সোমাই পৰিছে৷ ৫০গৰাকী নগা চিপাহীক গুলীয়াই হত্যা কৰিব লাগে বুলি কোৱা বুদ্ধিজীৱীগৰাকীৰ বিৰুদ্ধে দুগৰাকী যুৱকে বিতৰ্কিত মন্তব্যৰ বাবে মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷
শুকুৰবাৰে আৰআৰএছৰ নেতাৰ এখন গ্ৰন্থ উন্মোচনী সভাত উপস্থিত থাকি কেইবাটাও বিতৰ্কিত মন্তব্য আগবঢ়াইছিল বুদ্ধিজীৱী তথা জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে৷ মহানগৰীৰ দিছপুৰত গড়কাপ্তানী বিভাগৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ খোদ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঞ্চত বহি থকাৰ সময়তে বুদ্ধিজীৱীগৰাকীয়ে এটাৰ পিছত এটা বিতৰ্কিত মন্তব্য আগবঢ়াই গৈছিল৷ বিশিষ্ট বুদ্ধিজীৱী ড০ হীৰেণ গোহাঁইৰ ডিগ্ৰীক উপলুঙা কৰি দীঘলীপুখুৰী পাৰৰ ভেকুলি আৰু মেটেকাৰ ওপৰত গৱেষণা কৰা বুলি কৈ চাৰ্কুলেছন নথকা অসমৰ কাকতত তেওঁৰ লিখা প্ৰকাশ পায় বুলি অসমৰ বাতৰিৰ কাকতৰ লগতে বিশিষ্ট বুদ্ধিজীৱী হীৰেন গোঁহাইক ইতিকিং কৰে৷