anitwitter
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰেল পথ অৱৰোধ কৰি অসমৰ বঙালীক অসমৰ পৰা বিতাৰণ নকৰিবলৈ দাবী জনায়। অসমৰ এনআৰচিৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ পিছতে মাতুৱা মহাসংঘই প্ৰতিবাদ জনায়। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাই  বিভিন্ন ৰেল ষ্টেচনত ৰেল পথ অৱৰোধ কৰে মাতুৱা সংগঠনৰ নেতা-কৰ্মী আৰু সমৰ্থকে। মেন লাইন, বনগাঁও, হাচানবাদত ৰেল পথ অৱৰোধ কৰাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হৈ পৰে। বৰষুণ দি থকাৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল শ্ল'গান প্ৰদান কৰি অসমৰ পৰা বঙালীক বিতাৰণ নকৰাৰ দাবী জনায়।

এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী, তথা বাংলাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে যোৱা তিনিটা দিন সদন উত্তাল কৰাৰ লগতে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনআৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমত গৃহযুদ্ধৰ সূচনা কৰা হৈছে বুলি মন্তব্য পৰ্যন্ত প্ৰকাশ কৰিছে। খ্ৰীষ্টান, মুছলমান, দলিতক দেশৰ পৰা উলিয়াই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে কলে অপৰাধ কৰা হয়, আমি অপৰাধ কৰিবলৈ সাজু আজি অসমত, পশ্চিম বংগত এনে কৰিব কৰিব বুলি কৈছিল মঙলবাৰে।

মমতাই কয় যে অসমত কি হৈছে? এনআৰচিৰ সমস্যা কেৱল বঙালীৰে নহয়, এয়া সংখ্যলঘূ, হিন্দু, বাঙালী, বিহাৰীৰ সমস্যা। ক্ষমতাত থকা লোকে ৪০ লাখকতৈও অধিক লোকৰ ভোট লাভ কৰিছিল। ভোট দিয়াসকলে কিন্তু হঠাৎ শাসকৰ স্বাৰ্থত শৰণাৰ্থী হ'ব লগা হ'ল। আমি সেই সকলক বাংলাত সোমাব নিদিও। আমি তাতেই থাকিম। সেইসকল লোকে এতিয়াৰ পৰা ভোট দিব নোৱাৰিব। এনে মন্তব্যৰ বিৰুদ্ধে অসমত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে একাংশ লোকে। আনকি মমতাৰ এনে মন্তব্যৰ বিৰুদ্ধে কংগ্ৰেছেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

তাৰ মাজতে, মঙলবাৰে ডিব্ৰুগড় জিলাৰ তিনি বিজেপিৰ যুৱ মৰ্চাৰ নেতাই মমতাৰ বেনাৰ্জীয়ে অসমত গৃহযুদ্ধ সূচনা কৰা বুলি কৰা দাবীকৰ বিৰুদ্ধে আৰু এনে মন্তব্যই সমাজত হিংসাত্মক ঘটনাৰ সৃষ্টি কৰিব পাৰে বুলি অভিযোগ উত্থাপন কৰি ডিব্ৰুগড় সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে।বুধবাৰেও লখিমপুৰত মমতাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে। লখিমপুৰ সদৰ আৰক্ষী থানাত অসম জাতীয়তাবাদী যুৱ পৰিষদে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে।

উল্লেখ্যে যে, ৩০ জুলাইত এনআৰচিৰ সম্পূৰ্ণ খচৰাহে প্ৰকাশ হৈছে যদিও পশ্চিম বংগত এনআৰচি প্ৰকাশ হৈ যোৱা বুলি প্ৰচাৰ কৰাৰ লগতে এনআৰচিৰ পৰা ৪০ লাখ বাঙালীক নাম অন্তৰ্ভুক্ত নকৰাৰ লগতে বঙালীক বিতাৰণ কৰাৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে। যাৰ ফলত একাংশ লোকে প্ৰতিবাদ কৰিবলৈ ওলাই আহে। ৩০ জুলাইত প্ৰকাশ পোৱা এনআৰচিৰ খচৰাত ৩ কোটি ২৯ লাখ মানুহৰ পৰা ২ কোটি ৮৯ লাখ মানুহৰহে নাম অন্তৰ্ভুক্ত কৰে। 

৪০ লাখ মানুহ বাদ পৰিছে সেই সকলৰ পুনৰ ভাৰতীয় হোৱাৰ প্ৰমাণ দিব পাৰিলে পুনৰ নাম অন্তৰ্ভুক্ত কৰিব বুলি এনআৰচি কৰ্তৃপক্ষ আৰু দুয়োখন চৰকাৰে কৈ আহিছে। কিন্তু পশ্চিম বংগত একাংশ লোকে ইয়াৰ বিপৰীত কথা প্ৰচাৰ কৰি এক উত্তেজনামূলক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছে।