newsnextone.com | ডিজিটেল ডেস্কঃ বুধবাৰে পুৱাই পশ্চিম বংগৰ বিভিন্ন প্ৰান্তত ৰেল পথ অৱৰোধ কৰি অসমৰ বঙালীক অসমৰ পৰা বিতাৰণ নকৰিবলৈ দাবী জনায়। অসমৰ এনআৰচিৰ পৰা ৪০ লাখ লোক বাদ পৰাৰ পিছতে মাতুৱা মহাসংঘই প্ৰতিবাদ জনায়। পূৰ্বে ঘোষণা কৰা কাৰ্যসূচী অনুসৰি বুধবাৰে পুৱাই বিভিন্ন ৰেল ষ্টেচনত ৰেল পথ অৱৰোধ কৰে মাতুৱা সংগঠনৰ নেতা-কৰ্মী আৰু সমৰ্থকে। মেন লাইন, বনগাঁও, হাচানবাদত ৰেল পথ অৱৰোধ কৰাৰ ফলত হাজাৰ হাজাৰ যাত্ৰী ৰেলৰ ভিতৰতে আবদ্ধ হৈ পৰে। বৰষুণ দি থকাৰ মাজতে প্ৰতিবাদকাৰীসকলে কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে উত্তাল শ্ল’গান প্ৰদান কৰি অসমৰ পৰা বঙালীক বিতাৰণ নকৰাৰ দাবী জনায়।
এনআৰচিৰ খচৰা প্ৰকাশৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে তৃণমূল কংগ্ৰেছৰ নেত্ৰী, তথা বাংলাৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। তৃণমূল কংগ্ৰেছে ৰাজনীতি আৰম্ভ কৰিছে সদনৰ বাহিৰে ভিতৰে। তৃণমূলৰ সাংসদে যোৱা তিনিটা দিন সদন উত্তাল কৰাৰ লগতে তৃণমূলৰ নেত্ৰী মমতা বেনাৰ্জীয়ে পুনৰ এনআৰচিৰ খচৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসমত গৃহযুদ্ধৰ সূচনা কৰা হৈছে বুলি মন্তব্য পৰ্যন্ত প্ৰকাশ কৰিছে। খ্ৰীষ্টান, মুছলমান, দলিতক দেশৰ পৰা উলিয়াই দিয়াৰ ষড়যন্ত্ৰ কৰিছে বুলি দাবী কৰি ইয়াৰ বিৰুদ্ধে কলে অপৰাধ কৰা হয়, আমি অপৰাধ কৰিবলৈ সাজু আজি অসমত, পশ্চিম বংগত এনে কৰিব কৰিব বুলি কৈছিল মঙলবাৰে।