গৰৈমাৰীঃ এজন সাধাৰণ যুৱকে কপাইছে দক্ষিণ কামৰূপ৷ সাধাৰণ পৰিয়ালৰ যুৱকজনে তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে তথ্য উলিয়াই হুৱা-দুৱা লগাইছে দক্ষিণ কামৰূপৰ ৰাজনীতিত৷ দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী উন্নয়ন খণ্ডত সংঘটিত দুৰ্নীতি সন্দৰ্ভত যুৱকজনে বিধায়ক, জিলা উপায়ুক্ত আৰু উন্নয়ন আয়ুক্তৰ বিৰুদ্ধে গোচৰ কৰি জেহাদ ঘোষণা কৰে৷
ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ ২০১২-১৩ আৰু ২০১৫-১৬ বৰ্ষৰ বিধায়ক পুজিৰ ধন অপব্যৱহাৰ কৰি ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি সমাজকৰ্মী তথা অগপ কৰ্মী চৈতন্য মেধিয়ে কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ ছেছান, জিলা উন্নয়ন আয়ুক্ত ইস্তাৰ কাটাৰৰ লগতে বিধায়ক ৰেকিবুদ্দিন আহমেদৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত কিছুদিন পুৰ্বে গোচৰ ৰুজু কৰিছিল।