newsnextone.com | নগাঁওঃ নাৰীয়ে নাৰীৰ শত্ৰু বুলি কোৱা কথাষাৰক পুনৰাই প্ৰমাণ কৰি এগৰাকী মহিলাই এগৰাকী বিধায়িকাক বেশ্যাৰ সৈতে তুলনা কৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৰাজ্যত৷ প্ৰিয়ংকা কলিতা নামৰ ফেচবুক একাউণ্টৰ পৰা অশ্লীল মন্তব্য প্ৰকাশ কৰাত সভ্য সমাজৰ বাবে এনে কাৰ্য উচিত নহয় বুলি কয় একাংশ লোকে৷
জানিব পৰা মতে, বটদ্ৰৱা বিধান সভা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে ফেচবুকত অত্যন্ত অশ্লীল আৰু আপত্তি জনক পোষ্ট কৰে প্ৰিয়ংকা কলিতা নামৰ ফেচবুক একাউণ্টক পৰা৷ জানিব পৰা মতে, প্ৰিয়ংকা কলিতা নামৰ মহিলাগৰাকী তিনিচুকীয়া জিলাৰ। মহিলাই কৰা মন্তব্য কোনো কাৰণত প্ৰকাশ কৰিব নোৱাৰি৷ সকলো সীমা অতিক্ৰম কৰে মহিলাগৰাকীয়ে৷