newsnextone.com | কোকৰাঝাৰঃ বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই বড়ো জনগোষ্ঠীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰাৰ বিৰুদ্ধে লেখকদ্বয়ৰ বিৰুদ্ধে ইউনাইটেড ট্ৰাইবেল অৰ্গেনাইজেছন নামৰ সংগঠনটোৱে কোকৰাঝাৰ সদৰ আৰক্ষী থানাত মঙলবাৰে এক গোচৰ ৰুজু কৰিছে৷
সংগঠনটোৰ সভাপতি মাৰ্কুচ বসুমতাৰীয়ে কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত হোৱা এক সংবাদমেলত উক্ত কথা সদৰি কৰি কয় যে বুৰঞ্জীবিদ তথা লেখক ৰমিলা টাপৰ আৰু সঞ্জয় হাজৰিকাই “Ancient Indian Social History” আৰু “Strangers No More” নামৰ গ্ৰন্থত ” বড়ো বিদ্ৰোহী” শব্দ ব্যৱহাৰ কৰি খিলঞ্জীয়া বড়ো জনগোষ্ঠীটোকে বিদ্ৰোহী আখ্যা দিছে ৷