newsnextone.com | বিহালীঃ দেশৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত সংবাদ সেৱা৷ সত্য নিষ্ঠাৰে প্ৰকৃত সত্য উদঘাটনৰ দায়িত্ব ন্যস্ত থাকে সাংবাদিক বা সংবাদ মাধ্যমৰ ওপৰত৷ ৰাইজৰ স্বাৰ্থত, ৰাইজৰ প্ৰয়োজনত সাংবাদিকসকল ন্যায়ৰ যুদ্ধত সদায় প্ৰথম শাৰীৰ সৈনিক৷ সেইবাবেই এটা সময়ত সাংবাদিক সেৱাক বৃত্তি হিচাপে ধৰি লোৱা নহৈছিল৷ সাংবাদিকতা আছিল ৰাইজৰ বাবে সেৱা৷
কিন্তু যুগৰ পৰিৱৰ্তনৰ লগে লগে সাংবাদিকতাও বৃত্তিৰ শাৰীলৈ উন্নীত হয়৷ সাংবাদিক সকলৰো ভোক লাগে, সাংবাদিক সকলৰো প্ৰয়োজন থাকে৷ এনেবোৰ কাৰণৰ দোহাই দি সাংবাদিকতাক বৃত্তি হিচাপে গ্ৰহণ কৰা হ’ল৷ কিন্তু সাধাৰণ বৃত্তিৰ পৰিৱৰ্তে সাংবাদিকতা ধনী হোৱাৰ বা ধন ঘটাৰ সহজ উপায় হিচাপেও বহুতেই গ্ৰহণ কৰিবলৈ ল’লে৷ সাংবাদিকতাৰ তথাকথিত ‘লেবেল’ এখন লগাই বহু লোকে ধনী হোৱাৰ উপায় বিচাৰিবলৈ আৰম্ভ কৰিলে৷ যাৰ ফলত লাহে লাহে সাংবাদিক আৰু সংবাদ মাধ্যমৰ ওপৰত আস্থা কমি আহিল সাধাৰণ ৰাইজৰ৷