newsnextone.com | তেজপুৰঃ দেৱতা তুল্য পিতৃ-মাতৃক উৰুখা পজাত এৰি থৈ পুত্ৰই পত্নীৰ সৈতে ৰাজ আট্টালিকা সদৃশ গৃহত বাস কৰে৷ উচ্চ শিক্ষাৰে শিক্ষিত ঘৰখনৰ পুত্ৰ-বোৱাৰীৰ নিৰ্যাতন সহিব নোৱাৰি প্ৰতিদিনে চকুলো টুকি দিন পাৰ কৰে তেওঁলোকে৷ এসময়ত তেওঁলোকে ভাবিছিল আমি বৃদ্ধ আশ্ৰমত থাকিম৷ কিন্তু পৃথিৱীৰ নানান যন্ত্ৰণা সহি গৈছিল আৰু ভাবিছিল পুত্ৰ বোৱাৰীয়ে এদিন আকোৱালি ল’ব৷
এদিন পুত্ৰ আৰু বোৱাৰীয়ে আকোৱালি লব বুলি বাট চাই থাকোতেই সময়বোৰ পাৰ হৈ গৈ থাকিল৷ কিন্তু পৰিস্থিতি সলনি নহ’ল আৰু পুত্ৰ বোৱাৰীয়ে অকথ্য যন্ত্ৰণা দিয়াৰ বাহিৰে তেওঁলোকক চোৱা-চিতা কৰিবলে আগবাঢ়ি নাহিল৷ শেষ মুহূৰ্তত দেৱতা তুল্য পিতৃ-মাতৃয়ে ওচৰ চাপিল ন্যায়ালয়ৰ৷ এসাজ ভাতৰ বাবে হাহাকাৰ কৰা, এযোৰ কাপোৰৰ বাবে হাহাকাৰ কৰা বৃদ্ধ পিতৃ-মাতৃয়ে আদালতত তেওঁলোকক ন্যায় প্ৰদানৰ বাবে আবেদন জনায়৷