শিৱসাগৰঃ সাম্প্ৰদায়িক ঐক্য-সংহতি বিনষ্ট কৰাৰ অভিযোগ তুলি ফেচবুক গ্ৰুপ জনমত ভক্স পপুলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা, চমুকৈ আটাছুৱে। আমগুৰি থানাত দাখিল কৰা হৈছে উক্ত এজাহাৰ।
উক্ত বিতৰ্কিত ফেচবুক গ্ৰুপটোৰ লগতে আন কেবাটাও ফেচবুক একাউণ্টৰ কথাও উল্লেখ কৰা হৈছে এজাহাৰখনত। এজাহাৰত নাম উল্লেখ কৰা একাউণ্ট কেইটা হৈছে জয় মা ভাৰত, আদিত্য আত্ৰেয়, জয় দেৱ বিশ্বাস আৰু অমৃত পাল। উক্ত একাউণ্টকেইটাক এজাহাৰত ভুৱা একাউণ্ট বুলিও দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে।