
শিৱসাগৰঃ সাম্প্ৰদায়িক ঐক্য-সংহতি বিনষ্ট কৰাৰ অভিযোগ তুলি ফেচবুক গ্ৰুপ জনমত ভক্স পপুলিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে সদৌ টাই আহোম ছাত্ৰ সন্থা, চমুকৈ আটাছুৱে। আমগুৰি থানাত দাখিল কৰা হৈছে উক্ত এজাহাৰ।
উক্ত বিতৰ্কিত ফেচবুক গ্ৰুপটোৰ লগতে আন কেবাটাও ফেচবুক একাউণ্টৰ কথাও উল্লেখ কৰা হৈছে এজাহাৰখনত। এজাহাৰত নাম উল্লেখ কৰা একাউণ্ট কেইটা হৈছে জয় মা ভাৰত, আদিত্য আত্ৰেয়, জয় দেৱ বিশ্বাস আৰু অমৃত পাল। উক্ত একাউণ্টকেইটাক এজাহাৰত ভুৱা একাউণ্ট বুলিও দাবী কৰিছে ছাত্ৰ সংগঠনটোৱে।
এজাহাৰখনত ছাত্ৰ সংগঠনটোৱে জনমত ভক্স পপুলি নামৰ গ্ৰুপটোৱে ৰাজ্যখনৰ সাতামপুৰুষীয়া ঐক্য-সংহতি বিনষ্ট কৰাৰো অভিযোগ উত্থাপন কৰে। গ্ৰুপটোৰ পোষ্টসমূহৰ জৰিয়তে অনাগত দিনত সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰো আশংকা প্ৰকাশ কৰে ছাত্ৰ সংগঠনটোৱে।
এজাহাৰখনৰ জৰিয়তে সঘনে বিতৰ্কিত মন্তব্য কৰি অহা ভুৱা একাউণ্টকেইটাৰ গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আটাছুৱে। লগতে বিতৰ্কিত ফেচবুক গ্ৰুপটোক নিষিদ্ধ কৰি এডমিনসকলৰ বিৰুদ্ধেও প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ বাবে আৰক্ষীক আহ্বান জনাইছে ছাত্ৰ সংগঠনটোৱে।
ফেচবুকৰ মন্তব্যৰ আঁত ধৰি বিগত কিছুদিন ধৰি বিভিন্ন গোচৰত কেবাজনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ সময়তে ছাত্ৰ সংগঠনটোৱে আজি এনেদৰে বিতৰ্কিত গ্ৰুপটোৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে বুলি মন্তব্য কৰিছে সচেতন মহলে।