67
বাঘবৰঃ বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত শিলোচী পাথাৰ গাঁৱত আজি অগ্নিকাণ্ড সংঘটিত হৈ কুলচন খাতুন নমাৰ মহিলাগৰাকীৰ বাসগৃহ, নগদ ধনসহ সহ বহু মূল্যবান নথি পত্ৰ জুইত জাহ যায়৷
ৰান্ধনি ঘৰৰ চৌকাৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হয়। অতি কষ্টৰে দিন হাজিৰা কৰি কুলচন খাতুনে সজোৱা ঘৰটো জুইত জাহ যোৱাত মহিলাগৰাকীয়ে দুখত ভাগি পৰে।