কোকৰাঝাৰঃ কোকৰাঝাৰ সদৰ চহৰৰ নাতিদূৰৈৰ বালাজান তিনালীত ৰবিবাৰে মাজনিশা প্ৰায় ১১-২০ বজাত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত চাৰিখনকৈ দোকান সম্পূৰ্ণৰূপে ভষ্মীভূত হয়৷ অগ্নিকাণ্ডৰ ফলত ফলত কমেও ১০ লক্ষাধিক টকাৰ সা-সামগ্ৰী জুইত জাহ যায়। বালাজান তিনালীস্থিত দেবৰগাঁও ব্লক বিপিএফৰ কাৰ্যালয়ৰ সন্মুখত থকা এখন চাহ দোকানৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ ক্ষন্তেক পিছতে চাহ দোকানত থকা তিনিটাকৈ চিলিণ্ডাৰৰ বিস্ফোৰণ ঘটাত জুইৰ লেলিহান শিখাই চৌদিশে আগুৰি ধৰে।
এটাৰ পিছত এটাকৈ তিনিটা চিলিণ্ডাৰৰ প্ৰচণ্ড বিস্ফোৰণৰ শব্দই স্থানীয় জনতাক ভীতিগ্ৰস্থ কৰি তোলে আৰু আন এক বালাজান তিনালী কাণ্ড সংঘটিত হোৱা বুলি ধাৰণা কৰে। অৱশ্যে পিছত বহুসংখ্যক সাধাৰণ জনতা ঘটনাস্থলীত উপস্থিত হয় আৰু ইয়াৰে একাংশই পানী ঢালি জুই নুমুৱাৰ প্ৰচেষ্টা চলায়।