newsnextone.com | পৰ্বতঝোৰাঃ ধুবুৰী জিলাৰ চিৰাখোৱাত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হোৱাত একেটা পৰিয়ালৰ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হয় ৷

জানিব পৰা মতে, জিলা খনৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চিৰাখোৱা ষষ্ঠ খণ্ড গাঁৱৰ নবেজ উদ্দিনৰ পুত্র আজিজুল হকৰ বাসগৃহত বুধবাৰে নিশা অগ্নিকাণ্ড সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ নগদ ধন সহ প্ৰায় দহ লক্ষাধিক টকাৰ সা-সম্পত্তি জুইত ভস্মীভূত হোৱাত পৰিয়ালটো একেবাৰে সৰ্বশ্ৰান্ত হৈ পৰে ৷

স্মৰ্তব্য যে, নিশা প্ৰায় বাৰ বজাত পৰিয়ালটোৰ সদস্য সকলে টোপনিত লালকাল হৈ থকা সময়তে অগ্নিকাণ্ড সংঘটিত হোৱাত ধান, চাউল, মাটিমাহ, সৰিয়হ,পাৱাৰ পাম্প মেচিন, চাইকেল, কাপোৰ-কানি, আচবাৱ পত্র আৰু নগদ ধন জুইত জাহ যায় ৷ আনহাতে অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ কেইবাটাও গৰু আঘাত প্ৰাপ্ত হোৱাৰ লগতে এটা গৰু মৃত্যুৰ ঘটে ৷

 অগ্নিকাণ্ডৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।