অভয়াপুৰীঃ ৰাজ্য চৰকাৰে শনিবাৰৰ পৰা অনুষ্ঠিত কৰা বিশ্ব বাণিজ্য সন্মিলনত দেশ-বিদেশৰ নেতা, উদ্যোগপতি উপস্থিত হোৱাত ৰাজ্যজুৰি কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে ৰাজ্যৰ প্ৰশাসনে৷ ৰাজ্য খনত দেশৰ প্ৰধানমন্ত্ৰী, কেইবাখনো দেশৰ নেতা, বিনিয়োগকাৰীৰ উপস্থিতি হোৱাল সময়তে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ কাবাইটাৰীত এগৰাকী লোকক গুলীয়াই হত্যা কৰাৰ চেষ্টা চলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, যোগীঘোপাৰ কাবাইটাৰীৰ আই চি আই চি আইৰ শাখা কাৰ্যালয়ৰ সন্মুখত শনিবাৰে নিশা এগৰাকী যুৱ ব্যৱসায়ীক দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ চেষ্টা চলাই৷ যোগীঘোপাৰ পাচনীয়া নিবাসী যুৱ কয়লা ব্যৱসায়ী আজমুল হকে নিশা প্ৰায় ৯.৩০ বজাত কাবাইটাৰীৰ এখন চেলুনৰৰ পৰা ওলাই আহি কাবাইটাৰীস্থিত আই চি আই চি আই বেংকৰ সন্মুখ পাওতেই ৩১(খ)নং ৰাষ্ট্ৰীয় ঘাইপথত অচিনাক্ত লোকে তেওক লক্ষ্য কৰি গুলীচালনা কৰে৷