যোৰহাটঃ অৱশেষত অসম আহি পালে কৰ’না ভাইৰাছ। জনতাৰ কাৰ্ফিউলৈ মাজত মাথো কেইপ্ৰহৰমান বাকী থকা অৱস্থাতে কিছু সময় পূৰ্বে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত পোহৰলৈ আহিছে অসমৰ কৰ’না ভাইৰাছৰ পজিটিভ ধৰা পৰা প্ৰথমটো ঘটনা। অৱশ্যে এই পৰ্যন্ত শিশুটিৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰা সম্পৰ্কে সম্পূৰ্ণ নিশ্চিত নহয় বুলি কোৱা হৈছে।
যোৰহাট জিলাৰ উচ্চস্তৰীয় চৰকাৰী সূত্ৰই সদৰী কৰা মতে, এটি ৪ বছৰীয়া শিশুৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি। যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ লেব’ৰেটৰিত কৰা পৰীক্ষাত কৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে যদিও পুনৰ পৰীক্ষাৰ বাবে তেজৰ নমুনা লাহোৱালস্থিত আইচিএমআৰলৈ প্ৰেৰণ কৰা হৈছে বুলিও জনাইছে সূত্ৰটোৱে।