
গুৱাহাটী: শুকুৰবাৰে অনুষ্ঠিত হৈ যায় ৰাজ্যৰ পঞ্চায়ত নিৰ্বাচনৰ পৰ্যায়ৰ ভোট গ্ৰহণ। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ, হাইলাকানন্দি আৰু শ্ৰীভূমি জিলাত সম্পন্ন হয় প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। পুৱা ৭ বজাত আৰম্ভ হোৱা এই ভোট গ্ৰহণ বিয়লি ৪ বজাত অন্ত পৰে।
দুই-এক স্থানত বিক্ষিপ্ত ঘটনা সংঘটিত হোৱাৰ বিপৰীতে কেবাখনো জিলাত শান্তিপূৰ্ণভাৱে সম্পন্ন হয় ভোটগ্ৰহণ। সম্পূৰ্ণ বেলট পেপাৰৰ দ্বাৰা এই ভোট গ্ৰহণ প্ৰক্ৰিয়া হৈ যায়। বিয়লি ৪ বজালৈ ধেমাজীত ৫৪.২১%, কাছাৰত ৫৫.০৪%, তিনিচুকীয়াত ৫৩.৮৬%, শ্ৰীভূমিত ৫৫.৩৬% শিৱসাগৰত ৫৫.২৪%, হাইলাকান্দিত ৫৮.২২%, ডিব্ৰুগড়ত ৫৬.৪০%, শোণিতপুৰত ৫৩.৮০%, লখিমপুৰত ৫৪.৫৫%, মাজুলীত ৫৪.৩০%, গোলাঘাটত ৫৬.৫০%, বিশ্বনাথত ৫০.২৬% আৰু চৰাইদেউ জিলাত ৫৭.৪০% ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে।
উল্লেখ্য যে ভোট গ্ৰহণৰ মাজতে মাজুলী জিলাত সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতিৰ। আহতগুৰিৰ কাঁচিকতা আদৰ্শ এম ই স্কুলৰ তিনি নম্বৰ ভোটগ্ৰহণ কেন্দ্ৰত কিছু কংগ্ৰেছ কৰ্মীয়ে বেলট পেপাৰ ফালি পেলোৱাৰ লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বেলট বাকচ লৈ যায়। যাৰ ফলত কেন্দ্ৰটোত হাতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হয়। ইপিনে গোলাঘাট জিলাৰ মৰঙীৰ পাতকটিয়া গাঁৱৰ ভোটকেন্দ্ৰত ভোট দিবলৈ আহি থকা অৱস্থাত এখন মটৰ চাইকেলৰ খুন্দাত ৰেৱতী দাস নামৰ এগৰাকী মহিলাৰ মৃত্যু হোৱাৰ ফলত ভোটকেন্দ্ৰটোত এক হুৱাদূৱা পৰিস্থিতিৰ সৃষ্টি হয়। আনহাতে, শিৱসাগৰ জিলাৰ দিছাংমুখ গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ ৩৭২ টা অনুসূচীত জাতিৰ ভোট মিছিং স্বায়ত্ব শাসিত পৰিষদৰ অন্তগৰ্ত ৬ নং ৱাৰ্ডত অন্তৰ্ভুক্ত কৰাৰ প্ৰতিবাদত ভোটাৰ সকলে ভোট বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে। একেদৰে কাছাৰৰ সিদ্ধেশ্বৰ জিলা পৰিষদৰ গংগাপুৰ ৮ নম্বৰ ৱাৰ্ডৰ ৰাইজে ভোটকেন্দ্ৰ কৰ্তনৰ প্ৰতিবাদত ভোট বৰ্জন কৰে ৷ ঠিক একেদৰে, ধেমাজিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯ নং ৱাৰ্ডৰ মিলনপুৰ মুকলিপথাৰৰ অৰ্ধ শতাধিক ৰাইজে অঞ্চলটোত এখন দলং নিৰ্মাণ কৰি নিদিয়াৰ প্ৰতিবাদত ভোট বৰ্জন কৰা বুলি জানিব পৰা গৈছে।
ইয়াৰ উপৰিও গোগামুখৰ মহৰি কেম্প প্ৰাথমিক বিদ্যালয়ৰ ১৫৯ নং ভোটকেন্দ্ৰত সংঘটিত হয় আন এক আজৱ ঘটনা। গোগামুখৰ চিকুণ্ডৰ মিলি নামৰ এগৰাকী ব্যক্তিৰ প্ৰথমা পত্নী মাইনা মিলিৰ হৈ তেওঁৰ দ্বিতীয় পত্নীয়ে ভোটট সাব্যস্ত কৰে। ইয়াৰ পিছত মইনা মিলিয়ে অভিযোগ দিয়াৰ পিছত তেওঁক পুনৰ ভোট দিবলৈ দিয়া হয় যদিও ভোট কেন্দ্ৰটোত ইয়া্ক লৈ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হয়। এনেদৰেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণত অসমৰ বিভিন্ন জিলাৰ বহু ভোট কেন্দ্ৰত বহুতো বিক্ষিপ্ত ঘটনা ঘটা দেখা পোৱা গ’ল। উল্লেখ্য যে অহা ৭ মে’ তাৰিখে বাকী থকা জিলাকেইখনত অনুষ্ঠিত হ’ব দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ ভোট গ্ৰহণ। প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ চলি থকাৰ মাজতে বাকী কেইখন জিলাত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গ’ল শাসক-বিৰোধী ৰাজনৈতিক দল সমূহৰ নেতা-কৰ্মীসকলক।