ডিজিটেল ডেস্কঃ এইবাৰ দেশক সুৰক্ষা দিব মহিলাই। শক্তিৰ অধিষ্ঠাত্ৰী দেৱী দুৰ্গাৰ ধৰালৈ আগমনৰ কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবাৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ দায়িত্ব অৰ্পণ কৰিছে নাৰী শক্তিক। দেওবাৰে মন্ত্ৰীসভা সাল-সলনি কৰি মোদীয়ে প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ অৰ্পণ কৰে নিৰ্মলা সীতাৰমণক।

CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

ইয়াৰ লগে লগে দেশৰ প্ৰথমগৰাকী মহিলা প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে পৰিগণিত হয় নিৰ্মলা। অৱশ্যে ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত এই দপ্তৰটো নিজৰ লগতে ৰাখিছিল যদিও তেওঁ কেৱল প্ৰতিৰক্ষা মন্ত্ৰী নাছিল। সেইফালৰ পৰা প্ৰধানমন্ত্ৰী হিচাপে মোদীয়ে নিৰ্মলাৰ প্ৰতি আস্থা ৰাখি গুৰু দায়িত্ব অৰ্পণ কৰাটোৱে বিশেষ তাৎপৰ্য বহন কৰিছে।

CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

উল্লেখ্য যে ইয়াৰ পূৰ্বে শিল্প-বাণিজ্য মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰীৰ দায়িত্বত আছিল নিৰ্মলা। বিৰোধীৰ আসনত থাকোতে বিজেপিৰ মুখপাত্ৰ হিচাপে সফলতাৰে কাৰ্যনিৰ্বাহ কৰা নিৰ্মলাই শিল্প-বাণিজ্য মন্ত্ৰণালয়ৰ ৰাজ্যিক মন্ত্ৰী হিচাপে দেখুওৱা পাৰদৰ্শিতাৰ ভিত্তিতে এইদৰে পদোন্নতি লাভ কৰিবলৈ সমৰ্থ হয়।

CLICK ► এই Blue Whale গেমনো আচলতে কি? Real নে Fake!

'এখন সৰু চহৰৰ পৰা এই স্থানলৈ আহি শীৰ্ষ নেতাসকলৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা আৰু সমৰ্থন লাভ কৰাৰ লগতে এনে দায়িত্ব অৰ্পণ কৰাৰ পিছত ভাৱ হয় যে ইয়াৰ আঁৰত নিশ্চয় নেদেখাজনৰ আশীৰ্বাদ আছে। অন্যাথা এয়া অসম্ভৱ।’-শপত গ্ৰহণৰ পিছত নেদেখাজনক ধন্যবাদ জনাই এইদৰে কয় নিৰ্মলাই।

BLUW WHALE গেম কি জানিবলৈ চাওক এই আলোচনাঃ