ডিজিটেল ডেস্কঃ নাৰী যে এতিয়া কোনো ক্ষেত্ৰতে পিছ পৰি ৰোৱা নাই তাৰেই আকৌ প্ৰমাণ কৰি দেখুৱালে মহিলা যুদ্ধ বিমানচালিকা অৱণী চতুৰ্বেদীয়ে৷ অৱণী চতুৰ্বেদী যুদ্ধ বিমান চলোৱা প্ৰথমগৰাকী ভাৰতীয় মহিলা হিচাপে দেশৰ হাজাৰ হাজাৰ নাৰীৰ বাবে আদৰ্শ আৰু অনুপ্ৰেৰণাৰ স্ৰোত হিচাপে থিয় দিছে।
বায়ুসেনাৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, কাৰো সংগ নোলোৱাকৈ অকললেই যুদ্ধ বিমান চলোৱা প্ৰথম গৰাকী মহিলা হৈ পৰিছে অৱণী চতুৰ্বেদী৷ চতুৰ্বেদীয়ে মিগ-২১ নামৰ যুদ্ধ বিমানখন অকলেই চলাই নিজৰ সাহসিকতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷ তেওঁ লগতে কয়, চতুৰ্বেদীয়ে সোমবাৰে এই বিমানখনৰ উৰন জামনগৰ বিমানবন্দৰত সম্পন্ন কৰিছিল৷
উল্লেখ্য যে, যুদ্ধ বিমান চলাবলৈ তিনিগৰাকী মহিলা বিমানচালিকা ক্ৰমে অৱণী চতুৰ্বেদী, ভাৱনা কান্ত আৰু মোহনা সিঙক কঠোৰ প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল৷ জানিব পৰা মতে অৱণী চতুৰ্বেদীক ২০১৬ চনত পৰিদৰ্শক বিষয়া হিচাপে ভৰ্তি কৰোৱা হৈছিল৷