নগাঁওঃ ৰাজ্যৰ উজনি-নামনিত সময়ে সময়ে পানীত কীটনাশক মিহলাই থলুৱা মাছৰ নিধন যজ্ঞ চলোৱা হয়৷ মৎস্য আইনক ভেঙুচালি কৰি এচাম লোকে আঠুৱা জালেৰে, কম পাহিৰ লানি জালেৰে কণীযুক্ত মাছৰ নিধন কাৰ্য অব্যাহত ৰখাৰ লগতে খাল-বিল, জলাশয় আদিত বিহ প্ৰয়োগ কৰি মাছ নিধন কৰাৰ সময়তে এইবেলিও পেটত কণী থকা থলুৱা মাছৰ নিধন যজ্ঞ অব্যাহত ৰাখিছে৷ সমগ্ৰ ৰাজ্য খনতে এই কাণ্ড অব্যাহত ৰাখিছে একাংশ লোকে৷
বিভিন্ন প্ৰান্তৰ গ্ৰাম্য অঞ্চলত মীন বিভাগৰ চূড়ান্ত অৱহেলা আৰু অকৰ্মণ্যতাৰ পূৰ্ণ সুযোগ গ্ৰহন কৰি এচাম অসাধু ব্যৱসায়ীয়ে অবাধে ব্যাপক হাৰত পোণা মাছৰ লগতে কণীযুক্ত মাছৰ ৰমৰমীয়া বেহা চলাই থকা পৰিলক্ষিত হৈছে৷