67
বিজনীঃ ৰাজ্যত অবাধ হাৰত অব্যাহত আছে বন্যপ্ৰাণীৰ অংগৰ চোৰাং বেহা। যোৱা নিশা চিৰাং জিলাৰ বিজনীৰ বনাঞ্চলৰ পৰা উদ্ধাৰ হোৱা বন্য জীৱ-জন্তুৰ বৃহৎ পৰিমাণৰ অংগ-প্ৰত্যংগই পুনৰ এই ভয়াৱহ ছবিখন পোহৰলৈ আনিছে।
জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলৰ পাণবাৰী থানাৰ অন্তৰ্গত সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ সমীপবৰ্তী নতুন মাটিৰ দাউৰাইবাৰীত আজি পুৱা বনবিভাগে বৃহৎ পৰিমানৰ বাঘৰ হাড়ৰ লগতে এটা ৰয়েল বেংগল বাঘৰ ছাল উদ্ধাৰ কৰে।