ডিজিটেল ডেস্কঃ সৰ্বসাধাৰণৰ বাবে উৰাজাহাজত ভ্ৰমণ কৰাটো এতিয়া আৰু বিলাসী কাৰবাৰ হৈ নাথাকে। দেশৰ সাধাৰণৰ নাগৰিকৰ বাবে ব্যয়সাধ্য মূল্যত বিমানসেৱা আগবঢ়াবৰ বাবে নতুন আঁচনিখনৰ আজি শুভাৰম্ভ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
২৫০০ টকাৰপৰা আৰম্ভ হোৱা এই আঞ্চলিক বিমানসেৱাৰ আঁচনি আজি চিমলাৰপৰা দিল্লীলৈ এঘণ্টাৰ উৰণেৰে উদ্ধোধনী কৰিব মোদীয়ে। ইয়াৰ পিছতে মোদীয়ে কৰপা-হায়দৰাবাদ আৰু নাদেৰ-হায়দৰাবাদ চেক্টৰৰ আঞ্চলিক বিমানলৈ সেউজ সংকেত দি উদ্ধোধনী কৰিব।