64
জোনাইঃ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ডিব্ৰু ছৈখোৱাৰ লাইকা দধিয়া অঞ্চল পুনৰাই বানৰ কবলত পৰিছে৷ বানৰ কবলত পৰি পুনৰাই হাহাকাৰ কৰিব লগা হৈছে লাইকা দধিয়াৰ ৰাইজ।
জুলাই মাহত বানৰ কবলত পৰি ককবকাব লগা হোৱা লাইকা দধিয়া লোকসকল আজিও টম্বু টানি থাকিবলগীয়া হোৱাৰ সময়তে পুনৰ বানৰ কবলত পৰি ককবকাব লগা হৈছে লাইকা দধিয়াবাসী৷ শেহতীয়াকৈ কেবাদিনো ধৰি নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত পুনৰ বানত কবলত পৰে লাইকা দধিয়া।