তিনিচুকীয়াঃ পুনৰ বানৰ কবলত পৰিছে ৰাজ্য। উজনি-নামনি ভালেমান অঞ্চল বানে বুৰাই পেলােৱাৰ ফলত পুনৰাই হাহাকাৰ কৰিব লগা হৈছে ৰাইজে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰা-নেপেৰা বৃষ্টিপাতৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ডিৰাকত ন-দিহিঙৰ পানী ক্ৰমাৎ বিপদ সীমাৰ ১.৮৫ মিটাৰ অতিক্ৰম কৰাত অঞ্চলটোৰ মথাউৰিৰ ওপৰেৰে পানী বৈ ডিৰাক চুমনি গাঁওখন সম্পূৰ্ণ বানৰ কবলত পৰে৷
জিলা তথা স্থানীয় প্ৰশাসনে সাম্ভাব্য বানপীড়িত এলেকা সমূহৰ নিকটৱৰ্তী অঞ্চলৰ লোকক সতৰ্ক হৈ থাকিবলৈ অনুৰোধ জনোৱাৰ উপৰিও এছ ডি আৰ এফ বাহিনীৰ লগতে সকলো চৰকাৰী কাৰ্যালয়ক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ প্ৰেৰণ কৰিছে ৷