চৰাইদেউঃ ৰাজ্যৰ চৌদিশে সৰ্বস্বান্ত হোৱা বানাক্ৰান্তক সাহায্য প্ৰদানত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল৷ আনহাতে ৰাজ্য চৰকাৰৰ দৰে স্পৰ্শকাতৰ বিষয়টোত উদাসীন মনোভাব দেখুৱাইছে কেন্দ্ৰয়ো৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ।
এক বিবৃতি যোগে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি জাতি,মাটি আৰু ভেটিৰ শ্ল’গান দি ক্ষমতালৈ অহা তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্প্ৰতি ৰাজ্যৰ চৌদিশে সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ সাহাৰ্য্য প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি কয়।