
চৰাইদেউঃ ৰাজ্যৰ চৌদিশে সৰ্বস্বান্ত হোৱা বানাক্ৰান্তক সাহায্য প্ৰদানত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল৷ আনহাতে ৰাজ্য চৰকাৰৰ দৰে স্পৰ্শকাতৰ বিষয়টোত উদাসীন মনোভাব দেখুৱাইছে কেন্দ্ৰয়ো৷ এই অভিযোগ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ।
এক বিবৃতি যোগে সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ৰঞ্জন উপাধ্যায় আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি জাতি,মাটি আৰু ভেটিৰ শ্ল’গান দি ক্ষমতালৈ অহা তথাকথিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল চৰকাৰে সম্প্ৰতি ৰাজ্যৰ চৌদিশে সৰ্বস্বান্ত হোৱা বানাক্ৰান্তৰ সাহাৰ্য্য প্ৰদানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি কয়।
নিজ দলে শাসন কৰি থকা কেন্দ্ৰীয় চৰকাৰৰ পৰা অসমৰ বাবে বান সাহায্য অনাত সোণোৱাল ব্যৰ্থ হৈছে বুলিও সংগঠনটোৱে অভিযোগ কৰে। সততে সভা-সমিতিত বৰ বৰ ভাষণৰ ফুলজাৰি মৰা চব কা সাথ চব কা বিকাশৰ শ্ল’গান দি থকা আৰু অসম ভ্ৰমণলৈ আহি অসমবাসীক আৱেগিক উদাত্ত ভাষণৰে আভুৱা ভৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমবাসীৰ এই দুৰ্যোগৰ সময়ত লোৱা ভূমিকাকো দুৰ্ভাগ্যজনক আখ্যা দিয়ে যুৱ-ছাত্ৰ পৰিষদে।
অসমবাসীৰ এই দুৰ্যোগৰ মূহুৰ্তত প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজে অসম ভ্ৰমণ কৰি বন্যাৰ্তৰ বুজ ল'ব নোৱাৰিলেও কেন্দ্ৰীয় মন্ত্ৰী সভাৰ দায়িত্বশীল কোনো মন্ত্ৰী অথবা প্ৰতিনিধিক অসমলৈ প্ৰেৰণ কৰি বন্যাৰ্তৰ বুজ লোৱাৰ নূন্যতম সৌজন্যতাওখিনিও কেন্দ্ৰীয় চৰকাৰে দেখুৱাব নোৱাৰাটোত আশ্চৰ্য প্ৰকাশ কৰে যুৱ ছাত্ৰ পৰিষদে।
অসমবাসীৰ এই দুৰ্যোগৰ মুহূৰ্তত প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ ফোন কৰিয়েই দায়িত্ব সামৰি থোৱাতো অতি লজ্জাৰ বিষয় বুলি সংগঠনটোৱে বিবৃতিত উল্লেখ কৰে। ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীক জন্মদিনৰ শুভেচ্ছা দিয়া বা জন্মদিনৰ উৎসৱৰ খবৰ লোৱাৰ দৰে বানাক্ৰান্তৰ খবৰ লোৱা কাৰ্যই এজন প্ৰধানমন্ত্ৰীৰ দায়িত্বহীনতাকে প্ৰমাণ কৰে বুলিও সংগঠনটোৱে মত প্ৰকাশ কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম-লগ্নৰে পৰা অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী কৰি অহাৰ কথা উল্লেখ কৰি বানৰ সময়ত কিঞ্চিত সাহায্য আগবঢ়াই নিজৰ দায়িত্ব সামৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰে সগংঠনটোৱে।
বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰাৰ লগতে ৰাজ্যখনক ১০০০ কোটি টকাৰ সাহায্য প্ৰদান কৰিবলৈকো দাবী জনায় সংগঠনটোৱে। সৰ্বানন্দ সোণোৱাল চৰকাৰখনক জাকজমকীয়া উৎসৱ তথা সভা-সমিতি অনুষ্ঠিত কৰি আৰু বিজ্ঞাপনৰ জৰিয়তে পৰিৱৰ্তনৰ জোৱাৰ অনা বাদ দি নিৰ্বাচনৰ পূৰ্বে দিয়া জাতি, মাটি আৰু ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতিক বাস্তৱ ৰূপ দি অসমৰ ৰাইজক আভুৱা ভৰাৰ ৰাজনীতি নকৰিবলৈ সকীয়াই দিয়ে।