বাঘবৰঃ বেকী নৈৰ বাঢ়নী পানীত কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত কামাৰপাৰা, মেৰকুৰ, গুইলেজা, ভেৰাগাও আৰু বৰডাংগাকে ধৰি ২০খনকৈ ৰাজহ গাঁও জলমগ্ন হৈ পৰাত সহস্ৰাধিক পৰিয়াল বানপানীত আক্ৰান্ত হৈছে। যোৱা দুদিন ধৰি হোৱা বানপানীত উত্তৰ বৰডাংগা এল পি স্কুল, ৬৬৭ নং খাটাকুছি এল পি স্কুল আৰু কামাৰপাৰা হাইমাদ্ৰাছাসহ তিনিখন বিদ্যালয় জলমগ্ন হৈ পৰাত পাঠদান বন্ধ হৈ পৰিছে।
লগতে কামাৰপাৰা হাইমাদ্ৰাছাৰ শ্ৰেণী কোঠাত একাঠুৰ ওপৰত পানী সোমোৱাত ছাত্ৰ-ছাত্ৰীসকলে কাপোৰ-কানি তিয়াই ৰাস্তাৰ ওপৰত পৰীক্ষাত বহিব লগা হৈছে। স্মৰ্তব্য যে, যোৱা ১৯ জুনৰ পৰা ছাত্ৰ-ছাত্ৰীৰ ছয় মাহিলী পৰীক্ষা আৰম্ভ হৈছে যদিও চৰকাৰে কোনো পদক্ষেপ নোলোৱাত পানীৰ মাজতে ৰাস্তাৰ ওপৰত কামাৰপাৰা হাই মাদ্ৰাছাৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছে বিদ্যালয় কৰ্তৃপক্ষই।
উল্লেখ্য যে কামাৰপাৰা হাই মাদ্ৰাছাখন বিগত বানপানীয়ে উটুৱাই লৈছিল যদিও বৰ্তমান লৈকে চৰকাৰে বিদ্যালয়খনৰ নতুনগৃহ স্থাপন নকৰাৰ ফলত বিদ্যালয় কতৃপক্ষই মাদ্ৰাছাখন অস্থায়ী ভাৱে খাটাকুছি প্ৰাথমিক বিদ্যালয়ৰ চৌহদত স্থাপন কৰি টিনপাতৰ চালিৰ তলত কোনোমতে পাঠদান কাৰ্যসূচী চলাই আছিল যদিও এইবেলি বানপানীত শিক্ষাৰ্থীসকলে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত চৰম যাতনা ভূগিব লগা হৈছে।
কিছুদিন পূৰ্বে বৰপেটা জিলাৰ উপায়ুক্ত থানেশ্বৰ মালাকাৰে বান-খহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লৈছিল। কিন্তু বিদ্যালয়খনৰ কোনো ধৰনৰ সু- ব্যৱস্থা নকৰাত বানপানীত ককবকাই পৰীক্ষা দিব লগা হৈছে ছাত্ৰ-ছাত্ৰীয়ে।
আনহাতে জনীয়া সমষ্টিৰ খাৰবাল্লী গাৱত কলগাছিয়াৰ পৰা খাৰবাল্লী-ডাউকমাৰী পাৰঘাটলৈ যোৱা নৱনিৰ্মিত ৰাস্তাটোৰ দুই ঠাইত বানপানীয়ে উটুৱাই নিয়াত মূহুৰ্তৰ ভিতৰত জলমগ্ন হৈ পৰিছে গাওখনৰ শতাধিক পৰিয়াল। সেইদৰে সুতিৰ পাথাৰ, কাচুকাটি, ডাউকমাৰী, গুইলেজা, বৰডাংগা, কামাৰপাৰা, মিনিচিমলা, জমেৰকুৰ, চৰচৰীয়া,মোৱামাৰী, খাৰবাল্লী আদি কৰি প্ৰায় ২০ খন গাৱত বেকী নদীৰ বাঢ়নি পানী সোমাই সহাস্ৰাধিক পৰিয়াল জলমগ্ন হৈ পৰিছে। সম্প্ৰতি স্থানীয় ৰাইজৰ লগতে কামাৰপাৰা হাইমাদ্ৰাছাৰ শিক্ষক আৰু ছাত্ৰ-ছাত্ৰীয়ে মূখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰীৰ সু-দৃষ্টি কামনা কৰি টানি অনুৰোধ জনাইছে।