কামপুৰঃ গুৱাহাটী মহানগৰীৰ লগতে কৃত্ৰিম বানে স্পৰ্শ কৰিছে মচফলীয় নগৰ-চহৰসমূহকো। বিগত কিছুদিন ধৰি হৈ থকা নেৰা-নেপেৰা বৰষুণৰ ফলত নগাঁও জিলাৰ কামপুৰ নগৰতো অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে কৃত্ৰিম বানে।

কৃত্ৰিম বানে নগৰখনত ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পিছতো কুম্ভ কৰ্ণ নিদ্ৰাত মগ্ন হৈ আছে কামপুৰ নগৰ সমিতি। স্থানীয় লোকে একাধিকবাৰ আবেদন-নিবেদন কৰাৰ পাছতো নগৰ সমিতিখনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

নগৰখনৰ ৰেল কলনি, বৰুৱা মাৰ্কেটৰ কেইবাটাও পৰিয়াল আৰু কেইবাখনো দোকান পানীৰ তলতে আছে। কামপুৰ ৰেল ষ্টেচনৰ একমাত্ৰ পথটো বৰ্তমানেও একাঠু পানীৰ তলত।

কৃত্ৰিম বানৰ কবলত পৰা সকলে কামপুৰ নগৰ সমিতিত গৈয়ো কোনো সুফল পোৱা নাই। বিজ্ঞান সন্মত ভাৱে নগৰখনৰ নলাবোৰ নিৰ্মাণ নকৰাৰ বাবে সৰু নগৰখনত গুৱাহাটীৰ দৰে কৃত্ৰিম বানে দেখা দিছে বুলি মন্তব্য কৰিছে সচেতন মহলে। 

ইফালে কপিলী আৰু বৰপানী নৈ দুখন ফেনে-ফোটোকাৰে উফন্দি অধিক ভয়াৱহ ৰূপ লোৱাত শংকাত হৈ পৰিছে নগৰখনৰ লগতে সমগ্ৰ কামপুৰবাসী ৰাইজ। বিষয়টো সন্দৰ্ভত শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈকো স্থানীয় ৰাইজে বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।