মিছামাৰীঃ শোণিতপুৰৰ মিছামাৰী অঞ্চলৰ নবিল পথাৰ গাঁও আৰু স্থানীয় নবিল পথাৰ প্ৰাথমিক বিদ্যালয়ত কালিৰে পৰা বৰষুণৰ পানী ওলাই যাব নোৱাৰাৰ ফলত বিদ্যালয়ত পাঠদান কাৰ্যত ব্যাঘাতৰ সৃষ্টি হোৱাৰ উপৰি গাঁওখনৰ ৰাইজ আৰু পোহনীয়া জীৱ জন্তুৰ অৱস্থা কুলাই-পাছিয়ে নধৰা হয়।
অৱশ্যে আজি দুখন জে চি বিৰে কেইবাটাও নলা খান্দি জমা হোৱা পানী বোৰ বাহিৰলৈ উলিয়াই দিয়া হয়। পোন প্ৰথমবাৰৰ বাবে গাঁওখনত কৃত্ৰিম বানপানী সৃষ্টি হোৱাৰ মূলতঃ কাৰণ হল গাঁওখনৰ পূৱ দিশত অৱস্থিত ৰাণী বিল নামৰ জলাশয়ৰ ওপৰেদি আৰম্ভণিৰ পৰা বৰষুণৰ পানী ওলাই গৈছিল। কিন্তু মিছামাৰীস্থ ভাৰতীয় সামৰিক ঘাটিৰ অধীনস্থ ৰাণী বিলৰ ওপৰত এইবাৰ নিৰ্মান কাৰ্য চলি থকাৰ ফলত বৰষুণৰ বাঢ়নী পাৰ হৈ যোৱা দ’ জলাশয়টো ওখ হৈ পৰে।