বাঘবৰঃ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে বৰপেটা জিলাৰ বাঘবৰৰ কাতুলিত মথাউৰি ছিঙি নিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে বাঘবৰ অঞ্চলত৷ বাঘবৰ, চেঙা আৰু বৰপেটা সমষ্টিৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীৰ বাঘবৰ-বহৰি সংযোগী মাথাউৰিটোৰ কাম সম্পূৰ্ণ নোহোৱাত মঙলবাৰে নিশা বাঢ়নী পানীয়ে ছিঙি পেলায়৷
ফলত মুহূৰ্ততে জলমগ্ন হৈ পৰে বিস্তীৰ্ণ অঞ্চল। নিশা শ শ পৰিয়ালে ওখ ঠাই বিচাৰি হাহাকাৰ কৰিবলগীয়া হোৱাৰ লগতে ল’ৰা-ছোৱালী, পোহনীয়া জীৱ-জন্তুক লৈ বিপাঙত পৰে ৰাইজ৷