বিজনীঃ ৰাজ্যৰ ভিন্ন প্ৰান্তত এতিয়া বানৰ তাণ্ডৱ। নিস্তাৰ পোৱা নাই হাগ্ৰামাৰ ‘আদৰ্শ বি টি এ ডি’ৰ অন্তৰ্গত চিৰাং জিলাৰ বিজনীৰ মুগলীয়ানবাসীও। তাতে আকৌ প্ৰশাসন-জনপ্ৰতিনিধিৰ দায়িত্বহীনতাই মুগলীয়ানবাসীৰ দুৰ্ভোগ এতিয়া দুগুণে বঢ়াইছে।
যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত মুগলীয়ানৰ কাষেৰে বৈ যোৱা যোৱা চাৰা নৈৰ বাঢ়নী পানীয়ে যোৱা ৪ জুলাইত মুগলীয়ান – কঠালগুৰী সংযোগী বাঁহৰ দলংখনকেই উটুৱাই লৈ যায় । ইয়াৰ পিছতে উক্ত পথছোৱাৰে যাতায়াত ব্যাহত হৈ পৰে ।