গোগামুখঃ গোগামুখ ৰাজহ চক্ৰৰ বহু গাঁও এতিয়া জলমগ্ন৷ নেৰা নেপেৰা বৰষুণৰ ফলত কুমতীয়া নৈ, গংগাজান নৈ, ৰঙাজান নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত গোগামুখত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে।
ৰাজহ চক্ৰৰ অন্তৰ্গত জোতিষপুৰ, কৌপাটনি, জড়াই গাঁও, দক্ষিণ নলবাৰী, গড়পৰা বেটবাৰি, বামচেনিয়া, মাজৰবাৰি, দ’ চেনিয়া, ন গাঁও, চাউতাল, চাউতাল পুৰ, হিলৈমাৰী, মুকুল বৰি, মাজৰ বাৰী বড়ো, মাজৰ বাৰী দেউৰী, দলহা পাৰা, বামুন পুৰ কাজীয়া মাটি, গাধা তুলা, দ’ চেনিয়া, ৰাজাবাৰী আদিকে ধৰি বহু গাঁৱৰ লোক এতিয়া জলবন্দী হৈ পৰিছে৷