newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলা ভয়াবহ বানৰ কৱলত পৰি বিস্তৰ ক্ষতি সাধন হয়৷ জিলা খনৰ হেজাৰ হেজাৰ লোকে বানৰ কৱলত পৰি আজিও হাহাকাৰ কৰিব লগা হৈছে৷ যোৱা দুদিনত বান পৰিস্থিতি উন্নত হৈছে যদিও হাইলাকান্দি জিলাৰ প্ৰতিখন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰতিখন গাঁৱৰ কৃষকৰ খেতি পথাৰ, পুখুৰীৰ মাছ ওলাই গৈ বহু লাখ টকাৰ ক্ষতি হয় কৃষকৰ৷ বহু লোকৰ ঘৰ-বাৰি নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিব লগা হয়৷ বহু লোকে আশ্ৰয় শিবিৰতে থিতাপি লব লগা হৈছে৷

উপ-নৈ সমূহৰ বুকুত জাহ যায় ঘৰ-বাৰী, কৃষিভূমি, স্কুল আদি৷ জিলা খনৰ অসম-মিজোৰাম সীমান্তত যোৱা দুদিন ধৰি ক্ষয়-ক্ষতিৰ বুজ লৈছে এটা চৰকাৰৰ প্ৰতিনিধি দলে৷ জীৱন নিৰ্বাহৰ প্ৰধান সম্বল খেতি পথাৰ সমূহ নৈৰ বালিয়ে পুটি পেলোৱাৰ লগতে ফচল সমূহ নষ্ট কৰে৷ কৃষকৰ ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে জিলা খনৰ প্ৰতিখন গাঁও ভ্ৰমণ কৰিছে দলটোৱে৷ মীন বিভাগৰ লোকৰ লগতে আন কেইবাটাও বিভাগৰ লোক সহ এই দলটোৱে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ বাবে বুজ লোৱা পৰিলক্ষিত হৈছে৷

দক্ষিণ হাইলাকান্দি, জামিৰা, কিল্লাৰবাক, ঘাৰমোৰা, ঝলনভড়া, বামচৰ, ডোবা টাংগিয়া, টুকুৰ আদি ঠাই পৰিভ্ৰমণ কৰে৷ দলটোত তপন কুমাৰ সিঙহ, দ্বীপেন কলিতা, সুৰজিত কলিতা আদি থকা বুলি জানিব পৰা গৈছে৷ হাইলাকান্দি জিলাৰ অসম-মিজোৰাম সীমান্তৰ কিল্লাৰবাক, টুকুৰগ্ৰাম, ত্ৰিগংগা, জামিৰা, জামিৰা বাগান বস্তি, পালইছড়া, বলদাবলদি মণিপুৰ, দলাই বাগান, গুটগুটি, মণিপুৰ বাগান, নিস্কৰ আদি গাঁৱৰ খেতিয়ক বেছি ক্ষতিগ্ৰস্থ হোৱা বুলি জানিব পৰা গৈছে৷ বহু কৃষকৰ বিঘাই বিঘা খেতিৰ মাটি নৈৰ পলসে পুটি পেলায়৷

খাদ্যৰ সংকটত পৰিছে গাঁও সমূহৰ লোকসকল৷ স্থানীয় ৰাইজে বানপীড়িত লোকসকলক পৰ্যাপ্ত সাহায্য নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে৷