Home ৰাজ্যহাইলাকান্দি জিলাত বানৰ পিছৰ ভয়াবহ ছবি, বিঘাই বিঘা খেতিৰ মাটি পুটি থৈ গ’ল নৈৰ পলসে

হাইলাকান্দি জিলাত বানৰ পিছৰ ভয়াবহ ছবি, বিঘাই বিঘা খেতিৰ মাটি পুটি থৈ গ’ল নৈৰ পলসে

by News Desk
81 views
A+A-
Reset

newsnextone.com | হাইলাকান্দিঃ বৰাক উপত্যকাৰ হাইলাকান্দি জিলা ভয়াবহ বানৰ কৱলত পৰি বিস্তৰ ক্ষতি সাধন হয়৷ জিলা খনৰ হেজাৰ হেজাৰ লোকে বানৰ কৱলত পৰি আজিও হাহাকাৰ কৰিব লগা হৈছে৷ যোৱা দুদিনত বান পৰিস্থিতি উন্নত হৈছে যদিও হাইলাকান্দি জিলাৰ প্ৰতিখন গাঁও ক্ষতিগ্ৰস্ত হৈছে৷ প্ৰতিখন গাঁৱৰ কৃষকৰ খেতি পথাৰ, পুখুৰীৰ মাছ ওলাই গৈ বহু লাখ টকাৰ ক্ষতি হয় কৃষকৰ৷ বহু লোকৰ ঘৰ-বাৰি নৈৰ বুকুত জাহ যোৱাত মূৰে-কপালে হাত দিব লগা হয়৷ বহু লোকে আশ্ৰয় শিবিৰতে থিতাপি লব লগা হৈছে৷

উপ-নৈ সমূহৰ বুকুত জাহ যায় ঘৰ-বাৰী, কৃষিভূমি, স্কুল আদি৷ জিলা খনৰ অসম-মিজোৰাম সীমান্তত যোৱা দুদিন ধৰি ক্ষয়-ক্ষতিৰ বুজ লৈছে এটা চৰকাৰৰ প্ৰতিনিধি দলে৷ জীৱন নিৰ্বাহৰ প্ৰধান সম্বল খেতি পথাৰ সমূহ নৈৰ বালিয়ে পুটি পেলোৱাৰ লগতে ফচল সমূহ নষ্ট কৰে৷ কৃষকৰ ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ লক্ষ্যৰে জিলা খনৰ প্ৰতিখন গাঁও ভ্ৰমণ কৰিছে দলটোৱে৷ মীন বিভাগৰ লোকৰ লগতে আন কেইবাটাও বিভাগৰ লোক সহ এই দলটোৱে ক্ষয়-ক্ষতিৰ পৰিমাণ নিৰ্ধাৰণ কৰাৰ বাবে বুজ লোৱা পৰিলক্ষিত হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0