newsnextone.com | সোণাৰিঃ দৈচলং নৈৰ বাঢ়নী পানীয়ে চৰাইদেউ জিলাৰ সোণাৰিৰ ১৫ খনকৈ বুলাই পেলোৱাৰ ফলত কেইবাশতাধিক লোকৰ হাহাকাৰ লাগে৷ নিশাৰে পৰা গাওঁ সমূহত পানী সোমাবলৈ আৰম্ভ কৰে৷ জানিব পৰা মতে, দুদিন ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু অৰুণাচলত নেৰানেপেৰা বৰষুণ দি থকাৰ ফলতে দৈচলং নৈ আৰু টিয়ক নৈ ফেনে ফোটোকাৰে বাঢ়ি অহাত নৈপৰীয়া অঞ্চলসমূহক প্লাৱিত কৰে।
বানত ডুব যায় বেঙেনাবাৰী এনআৰচি কেন্দ্ৰ, দৈচলং উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো প্রাথমিক বিদ্যালয়৷ এনআৰচিৰ সেৱা কেন্দ্ৰৰ সা-সামগ্ৰী নিৰাপদে উদ্ধাৰ কৰাৰ লগতে অঞ্চলটোৰ কেইবাখনো বিদ্যালয়ৰ ছমাহিলী পৰীক্ষা বাতিল কৰিব লগা হয়। কেইবা শতাধিক লোক বানত ক্ষতিগ্ৰস্ত হয়। পানীত আৱদ্ধ বহু লোক, কণ কণ শিশু অনাহাৰে আছে বুলি জানিব পৰা যায়৷ কেইবা হাজাৰ বিঘা কৃষি ভূমিও বানৰ পানীত ডুব যায়।