61
খাৰুপেটীয়াঃ শিক্ষকৰ কান্ধত উঠিছে ছাত্ৰ৷ শুনিবলৈ আচহুৱা যেন লাগিলেও এয়াই বাস্তৱ৷ মানৱ সম্পদ গঢ়াৰ স্বাৰ্থতে কণ কণ ছাত্ৰ-ছাত্ৰীক কান্ধত তুলি ল’বলৈ বাধ্য হৈ পৰিছে এখন বিদ্যালয়ৰ শিক্ষক।
নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত বিদ্যালয়লৈ আহিব নোৱাৰা ছাত্ৰ-ছাত্ৰীক কান্ধত তুলি নিছে এই বিদ্যালয়খনৰ শিক্ষকসকলে৷ ছাত্ৰ-ছাত্ৰীক কান্ধত তুলি নিবলগীয়া হোৱা এই বিদ্যালয়খন হৈছে দৰং জিলাৰ খাৰুপেটীয়াৰ নিকটৱৰ্তী পূৱ বাইগৰমাৰী প্ৰাথমিক বিদ্যালয়।